Isaiah 1

1যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ কালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।

যিহোৱাই তেওঁৰ লোকসকলৰ মন পালটাবলৈ কোৱা।


2হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে,

“মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
3গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়;
কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”

4হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক,

কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল!
তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাক হেয়জ্ঞান কৰিলে;
তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।

5তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা?

সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
6ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই;
কেৱল ঘা, আঘাত, আৰু মুকলি ঘাবোৰ সতেজ;
সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।

7তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে;

বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে;
সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
8দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে,
আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে।

9বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে,

আমি চদোম আৰু ঘমোৰাৰ দৰে হলোহেঁতেন।

10হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা;

হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
11যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?”
ভেড়া পোৱালী আৰু হৃষ্ট পুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে;
ষাঁড়গৰু, ভেড়া, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।

12যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ,

আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
13অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া;
তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।

14তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে;

সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
15সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আতৰাওঁ;
এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম;
তোমালোকৰ হাত তেজেৰে পৰিপূৰ্ণ হৈছে।

16নিজকে ধুই শুচি কৰা;

মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা;
পাপ কৰিবলৈ বন্ধ কৰা,
17ভাল কৰ্ম কৰিবলৈ শিকা।
ন্যায়বিচাৰ বিচৰা, আৰু নিপীড়িতক সহায় কৰা,
পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”

18যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোহঁক,”

তোমালোকৰ পাপবোৰ উজ্বল ৰঙা
1.18 scarlet অৰ্থ উজ্বল ৰঙা বৰণীয়া কিন্তু পুৰণি বাইবেলত সেন্দুৰ(vermilion) বৰণীয়া বুলি লিখা আছে।
হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊনৰ দৰে হৈ পৰিব।

19তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফ’ল ভোগ কৰিবলৈ পাবা।

20কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহাচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰিব,”
কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।

21কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল!

তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল;
কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
22তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।

23তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল;

প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে;
তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।

24এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে:

“তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজকে প্রতিশোধ সাধিম;
25মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম,
তোমালোকৰ আবৰ্জনা আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।

26মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্ত্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম;

তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”

27চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।

28বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।

29“কিয়নো তোমালোকে ইচ্ছা কৰা পবিত্র অক গছবোৰৰ বাবে লাজ পাবা,

আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30কাৰণ তোমালোক অক গছৰ শুকান পাতৰ দৰে,
আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।

পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব;

সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নোমাব নোৱাৰিব।
31

Copyright information for AsmULB